দামী পোছাক daami posaak in assamese struggle mon - debajit raikarmakar lyrics
album * struggle mon
song * daami posaak
song credits *
vocal * debajit raikarmakar
composition/music * debajit raikarmakar
lyrics * subhajit raikarmakar
mix & master * abhijit roy
released on * 16*08*2025 (sat*rday)
[ verse 1]
দামী পোছাক বিলাসী হাতত
প্রতিভাও আজি উঠি যায়
সফলতাৰ চহকী বজাৰ
বহু আশাবাদী উটি যায়
আনৰ কথা যদি মনত লোৱা
পথৰ ধুলি ভাবি মচি লোৱা
দাপোন বিষাদৰ ভাঙি চোৱা
সুখে খেদি যাব দ্বিধা ভুৱা
লোৱা মচি সুৰভী দুখৰ
গঢ়ি চোৱা নৱ প্রতিবাদ
সাহসিকতাৰ দিব পৰিচয়
উকি মাৰি চোৱা ইতিহাস
[ verse 2 ]
ধুনীয়া মুখ বিলাসীতা সুখ
প্রতিভানো আজি কোনে চায়
দেখিও নাচায় দুচকুলে তাৰ
সফলতা যাৰ দিশে নাই
ধূসৰ ধূসৰ চিনাকি চহৰ
ব্যৱহাৰও বৰ অচিনা
তিয়ায় নিতে শিতান কাষৰ
বিফলতাৰ লিখি কবিতা
আনৰ কথা যদি মনত লোৱা
পথৰ ধুলি ভাবি মচি লোৱা
দাপোন বিষাদৰ ভাঙি চোৱা
সুখে খেদি যাব দ্বিধা ভুৱা
দিয়া পেলাই চিয়াহী দুখৰ
লিখি চোৱা নৱ উপন্যাস
সাহসিকতাৰ দিব পৰিচয়
উকি মাৰি চোৱা ইতিহাস
Random Song Lyrics :
- hammer time - yca eighty bands lyrics
- die legende lebt - 1. fc nürnberg lyrics
- kylie jenner - sizzy (rapper) lyrics
- butterfliesinmyhouse - selfmxdebless lyrics
- de vuelta y vuelta - ronda machetera lyrics
- reawaker - lisa (jpn) lyrics
- boss, butter & uptown funk (cover) - everglow lyrics
- savages - sugarhill ddot lyrics
- paparazzi - mc2 (prp) lyrics
- off the e - thump (dc) lyrics