
khuje khuje - notxofar lyrics
Loading...
খোজে খোজে হেৰাব খুজি
নতুন বাটৰ ঠিকনা বুলি
এতিয়াও সপোনত সাৰে থাকি
অলেখ আশাৰ মেলিছে পাহি।
হেঁপাহ আছিলে বুকুত এমুঠি
দুহাতেৰে সাহস দিলোঁ মই সিঁচি
ক’ত আজি যাম কোৱানা!
কি আজি পাম কোৱানা!
অতীতৰ ধুমুহাই ৰিঙিয়াই আজি
এটোপোলা মৰম দিবিহি আনি ।
কোমল কোমল বতাহছাটি
ধোঁৱলী* কুঁৱলী নিমাত ৰাতি
এতিয়াও জ্বলিছে আশাৰে চাকি
মৰমো উমলিছে বুকুতে আজি।
পুৱাৰ ৰ’দালিৰ পোহৰে আহি
চকুতে চকু থৈ কিনো ধেমালি!
আগুৱাই যাম চোৱা না!
বিচাৰি পাম চোৱা না!
অতীতৰ ধুমুহাই ৰিঙিয়াই আজি
এটোপোলা মৰম দিবিহি আনি ।
Random Song Lyrics :
- dead rose - riyahcph lyrics
- treinta - robbie oaks lyrics
- kembali - mantra vutura lyrics
- burn autumn burn - swarm of the lotus lyrics
- はーどもーどかのじょ (hard mode girlfriend) - nyamura lyrics
- long way down - foinix, btrn & vennom lyrics
- california dreaming - nerdout lyrics
- down again - keith gattis lyrics
- müde - samra lyrics
- в кармане (in the pocket) - casho gripp lyrics