
nalage tuk - notxofar lyrics
দুদিনীয়া জীৱন লৈ লিখি যাম দুটা গান,
শিকাই যাম দুটা কাম,
দুটা জীৱনৰ বাবে যি অকলশৰে শিকা টান ।
দুদিনীয়া জীৱন লৈ লিখি যাম দুটা গান,
শিকাই যাম দুটা কাম,
দুটা জীৱনৰ বাবে যি অকলশৰে শিকা টান ।
শীতল শিতানৰ গাৰুত পেলাই লৈ নিকা কাণ,
বিকা দাম সুধিলোঁ দুখৰ, লাভ লোকচানৰ অংকত
আহিল তৰ্জ্জু সংকট,
ওজন কমিল মোৰ দুখৰ বিনিময়ত বাঢ়ি আছে ওজন বহু গুণ সুখৰ,
অক্লান্ত কলম কিন্তু ক্লান্ত মোৰ হৃদয়,
বাণ মাৰি প্ৰেমৰ জপাই গুচি গ’লি তিহাৰ অন্তৰৰ
দুৱাৰ*খিড়িকী তই, দুৱাৰ*খিড়িকী তই, দুৱাৰ*খিড়িকী তই
(হ’ * অ’)
হ’ৱ নালাগে সুখ, নালাগে তোক, নালাগে শোক, নাখাওঁ একো লাগিলেও ভোক,
যদিও অশ্ৰু বয় (নমচো) যাওক মোৰ চকু ক্ষয়,
সেই পৃথিৱীত মোৰ নাই আয় নাই তোক লৈ ব্যয়।
পাৰ হ’ল বহু বছৰ, আজি অন্তত দেখিলোঁ তোক,
সমন্ধ কিছু ওচৰ, কিন্তু নহয় তেজৰ, সংজ্ঞা এই আৱেগৰ নুশুধিবি মোক,
পাপ*পূণ্যৰ প্ৰেমত মাপ শূণ্য, যুক্তিৰে যুঁজিম নকৰোঁ কালৈকো ভয়,
অঁ বহুত আছে চাগে তোৰ দৰে অগণ্য, কিন্তু ডেউকা ছিঙি মন মোৰ তোৰ লগতে ৰয়,
আজি আছো কাইলৈ নাই, সেয়ে বিমুখ নকৰিবি মোক,
যদি কৰ পলম, দিবলৈ মোক উত্তৰ,
আন এখন পৃথিৱীত গৈ ঠেঁহ ধৰি ক’ম হ’ৱ নালাগে তোক!
হ’ৱ নালাগে সুখ, নালাগে তোক, নালাগে শোক, নাখাওঁ একো লাগিলেও ভোক,
হ’ৱ নালাগে সুখ, নালাগে তোক, নালাগে শোক, নাখাওঁ একো লাগিলেও ভোক ।
যদিও অশ্ৰু বয় (নমচো) যাওক মোৰ চকু ক্ষয়,
সেই পৃথিৱীত মোৰ নাই আয় নাই তোক লৈ ব্যয় ।
যদিও অশ্ৰু বয় (নমচো) যাওক মোৰ চকু ক্ষয়,
সেই পৃথিৱীত মোৰ নাই আয় নাই তোক লৈ ব্যয় ।
Random Song Lyrics :
- commercial - lil baby lyrics
- betyoucant - mighty bay & number9ok lyrics
- мама - kaeoki lyrics
- harden (feat. tfemi) - lmr tarro lyrics
- rave on - victims of circumstance lyrics
- don't need - mani rana lyrics
- acá entre nos (en vivo) - lupillo rivera lyrics
- nice & slow - prince mula lyrics
- ode to overstreet - console warriors lyrics
- street lights - monster movie lyrics