
notxofar - পণ্ড (pondo) - notxofar lyrics
পণ্ড হল জীৱনৰ নাটক
অজানিতে হলোগৈ ঘাতক
উজুটি প্ৰায়েই খাই আহিছো বাটত
শকতি বাঢ়ি আহিছে মোৰ মাতত ।
কথা কয় ধৰি জাত-পাতত
সোমাইয়েই আছিলে অতদিনে গাতত
কথাৰ মাত্ৰা সদায় ওপৰত
শুনিলে ছুটে টেমা, তীব্র ঘর্ষণ হয় দাঁতত ।
বিসম্বাদ … বাটত
racism … ভাতত
সোমাই আছিলে … গাতত
প্ৰজাৰ হাহাকাৰ সম্পত্তি ৰজাৰ গ্ৰাসত
প্ৰতিদিন কটাই আহিছো সন্ত্ৰাসত
পবিত্ৰ বস্তুবোৰ লেতেৰা হাতত
তেল দি লাভ নাই ঘূণে ধৰা কাঠত।
নিয়ম বন্ধা উচিত নিয়মত থাকি
টকাৰ লেন দেন কৰ শুদ্ধ হিচাব ৰাখি
উন্নয়ন পৰিয়ালৰ জনতাক দি ফাঁকি
সচাক মিছাৰ প্ৰলেপৰে ৰাখিছ ঢাকি ।
ধনীবোৰ দেখোন ধনত পোত গৈয়েই আছে
দুখীয়াৰ একেই সেই চকুলো বৈয়েই আছে
ভাষণত কৈ আছে, আসনত ৰৈ আছে
একে ঠিৰে চকু শাসনত থৈ আছে ।
পোহৰৰ ৰং কি চিনাটো টান আজি
এন্ধাৰে যি কলেও সকলো হয় ৰাজি
টকাই কৰে বাধ্য জীৱনো যায় বাজিত
আমাক নচুৱাই আছে বছ্ পুতলা সাজি ।
পণ্ড হল জীৱনৰ নাটক
অজানিতে হলোগৈ ঘাতক
উজুটি প্ৰায়েই খাই আহিছো বাটত
শকতি বাঢ়ি আহিছে মোৰ মাতত ।
কথা কয় ধৰি জাত-পাতত
সোমাইয়েই আছিলে অতদিনে গাতত
কথাৰ মাত্ৰা সদায় ওপৰত
শুনিলে ছুটে টেমা, তীব্র ঘর্ষণ হয় দাঁতত ।
হাঁহিয়তাৰপাত্ৰ জ্ঞানী গুণী জন
মানুহ বুলি গণ্য হয় যাৰ থাকে ধন
সোপাকে লাগে নাই কোনো হৰণ-ভগণ
নিজৰ নিয়ম নিজে কৰে উলংঘন ।
(imagine the compet-tion)
পৰ-চৰ্চা, নিন্দাৰ প্ৰতিযোগিতা হব
গুণীৰো খুচৰি বেয়া গুনবোৰহে গাব
বিতৰ্ক আৰু সমালোচনাৰে হাল বাব
ধৰিবলৈ নাঙল নিউজ মিডিয়াই পাব
প্ৰতিযোগি লক্ষাধিক
প্ৰত্যেকেই খিতাপ পাব
পণ্ড হল জীৱনৰ নাটক
অজানিতে হলোগৈ ঘাতক
উজুটি প্ৰায়েই খাই আহিছো বাটত
শকতি বাঢ়ি আহিছে মোৰ মাতত ।
কথা কয় ধৰি জাত-পাতত
সোমাইয়েই আছিলে অতদিনে গাতত
কথাৰ মাত্ৰা সদায় ওপৰত
শুনিলে ছুটে টেমা, তীব্র ঘর্ষণ হয় দাঁতত ।
ভণ্ড হল বাঢ়িল দুগুন কৰ
বন্ধ হল মাত পাণ্ডৱৰ
মুকলি বাট দানবৰ
পণ্ড হল জাত মানৱৰ ।।
Random Song Lyrics :
- lingshan - lom-c lyrics
- dirty south - imoni stokes lyrics
- przyjaciółka luna - c.k. emjot lyrics
- retaliation - a boogie wit da hoodie lyrics
- freestyle n°3 - mehdi yz lyrics
- who am i - franklin mckay lyrics
- eres mío - belanova lyrics
- mountain to climb - the bottle rockets lyrics
- pharaoh - misunderstood demon lyrics
- last minute - perturbazione lyrics