lirikcinta.com
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

lirik lagu ka kha ga gha | ক খ গ ঘ – notxofar

Loading...

ক ৰে মই কলম তুলি কৰিছিলোঁ আৰম্ভণি
খ ৰে পুতিলোঁ খুটি তুলিম বুলি খলকনি
গ ৰে গৰিহণা দিলোঁ আঙুলি মূৰত গণি গণি
ঘ য়ে মোক বুজালে কি ঘঁৰিয়ালৰ চকু পানী !
ক ৰে মই কলম তুলি কৰিছিলোঁ আৰম্ভণি
খ ৰে পুতিলোঁ খুটি তুলিম বুলি খলকনি
গ ৰে গৰিহণা দিলোঁ আঙুলি মূৰত গণি গণি
ঘ য়ে মোক বুজালে কি ঘঁৰিয়ালৰ চকু পানী !
ক খ গ ঘ up to বিসৰ্গ, চিনাকি দি আছো আজিলৈকে অসমীয়া বুলি
বাকি থাকিল চন্দ্ৰবিন্দু হেৰাল বহুত খড়্গ
বচাবলৈ নিজৰটো লবই লাগিব হেংদাং তুলি ।
ক খ গ ঘ up to বিসৰ্গ, চিনাকি দি আছো আজিলৈকে অসমীয়া বুলি
বাকি থাকিল চন্দ্ৰবিন্দু হেৰাল বহুত খড়্গ
বচাবলৈ নিজৰটো লবই লাগিব হেংদাং তুলি ।
নিজৰে ভূমিতে আমি নিজে অপমানিত
ককৰ্থনা আৰু আছে যদি জিভাৰ আগত আনি থ
সাহস আৰু ধৈৰ্য্যৰ পৰীক্ষা নোলোৱাই ভাল জানি থ ।
কাৰণ লাচিতৰ চোকা ঘাপৰ আমি অনুপ্ৰাণিত ।

24 march 1975 অসমীয়া হল ৰাজী we wont fight
তাৰ পিছতো যদি বিচাৰি ফুৰে chance হিংসা অহিংসা কি নাজানো মাত্ৰ পৰিব ধূলাই
জাতি-মাটি-ভেটিৰ ভাষণ অাজি বহুত দিলা
অানক দিয়া গুৱাল গালি নিজে কৰিলে হয় লীলা
ৰাজনীতিৰ কাৰণে নিজস্বতাক বিক্ৰী কৰা তোমালোক ভণ্ড
ৰাইজৰ টকাৰে সাজিছা দালান সকলোৰে সপোন কৰি পণ্ড ।
অসমীয়া সোৰোপা বুলি অাছে অামাৰ বদনাম
ভোকৰ ভাতমুঠি পালেই হ’ল নকৰো বেছি কাম
লুটিছেহি নিজৰ ঠাইতে অাজি বহিৰাগতই অামাক
অামি অসমীয়া নহয় দুখীয়া বুলি টেটুফালিম জয়গান ।
আছে আছে বুলি আমি সান্তনা পাওঁ
দুটকীয়া জলকীয়া বিচাৰি বজাৰলৈ যাওঁ ।
তিনিওসাজ ভাত খাই বিচনাত ভাগৰ মাৰো
নানামো টিঙৰ পৰা বুৰিলেও নিজৰ নাওঁ ।
ক খ গ ঘ up to বিসৰ্গ, চিনাকি দি আছো আজিলৈকে অসমীয়া বুলি
বাকি থাকিল চন্দ্ৰবিন্দু হেৰাল বহুত খড়্গ
বচাবলৈ নিজৰটো লবই লাগিব হেংদাং তুলি ।
ৰাজনীতিৰ বোকা চতিয়াই অাভুৱা কিমান ভাৰা
সাপ হৈ খুটি অাকৌ সময়ত বেজ হৈও জাৰা
যেই দেখিলা নিজলে অাহিল বিপদ এতিয়া
নিজৰ কথাৰ ওপৰত ঠাইতে পাভলুটি মাৰা !
চাকৰিৰ পাতিছা দোকান খেলিছা টকাৰ খেল
সৰল সপোনবোৰক হত্যা কৰি পাতিছা শগুণৰ মেল ।
চাকৰিৰ পাতিছা দোকান খেলিছা টকাৰ খেল
সৰল সপোনবোৰক হত্যা কৰি পাতিছা শগুণৰ মেল ।
ক খ গ ঘ up to বিসৰ্গ, চিনাকি দি আছো আজিলৈকে অসমীয়া বুলি
বাকি থাকিল চন্দ্ৰবিন্দু হেৰাল বহুত খড়্গ
বচাবলৈ নিজৰটো লবই লাগিব হেংদাং তুলি ।
ক খ গ ঘ up to বিসৰ্গ, চিনাকি দি আছো আজিলৈকে অসমীয়া বুলি
বাকি থাকিল চন্দ্ৰবিন্দু হেৰাল বহুত খড়্গ
বচাবলৈ নিজৰটো লবই লাগিব হেংদাং তুলি ।

lirik lagu lainnya :

YANG LAGI NGE-TRENDS...

Loading...